কথা



মই কঢ়িয়াই ফুৰিছোঁ 
এবুকু কথা 
বৰ গধুৰ কথা বোৰ 
ঠিক শিলৰ দৰে 

আঁত ধৰিব নোৱাৰা 
বেবেৰিবাং কথা 

বুকুৰ আন্ধাৰতকৈও আন্ধাৰ কোণত 
সিহঁতে ঘূৰ্মুটিয়াই ফুৰে 

মগজুৰ পৰা বুকুলৈ সিহঁতৰ 
বিশৃংখল যাত্ৰা 

বুকুখনে ভাৰ সহিব নোৱাৰি 
বিষত ককবকাই থাকে 
 
তথাপি কথাবোৰ  কথা হৈয়ে থাকে...

Comments

Popular posts from this blog

কবিতা কেনেকৈ লিখে?