Posts

কথা

Image
মই কঢ়িয়াই ফুৰিছোঁ  এবুকু কথা  বৰ গধুৰ কথা বোৰ  ঠিক শিলৰ দৰে  আঁত ধৰিব নোৱাৰা  বেবেৰিবাং কথা  বুকুৰ আন্ধাৰতকৈও আন্ধাৰ কোণত  সিহঁতে ঘূৰ্মুটিয়াই ফুৰে  মগজুৰ পৰা বুকুলৈ সিহঁতৰ  বিশৃংখল যাত্ৰা  বুকুখনে ভাৰ সহিব নোৱাৰি  বিষত ককবকাই থাকে    তথাপি কথাবোৰ  কথা হৈয়ে থাকে...
Image
আদি-অনাদি 

কবিতা কেনেকৈ লিখে?

Image
কবিতা কেনেকৈ লিখে?  অনুভৱবোৰক চুই কেনেকৈ চায়? মোৰ শব্দবোৰ জঠৰ, কবিতাত কৈ বহু দূৰত। মোৰ জোনাক, জীৱন  ৰ'দ-বৰষুণবোৰো একেই  শুকান,পলসহীন  মোৰ এই ধূসৰ পৰিক্ৰমাবোৰ  তোমাৰ বাৰু কেনেকৈ চলে? ৰঙীনকৈ, অহৰহে! কথাবোৰে চেপিখুন্দি খায় তথাপি দুখবোৰ শব্দ হৈ ওলাই নাহে!  পৰিক্ৰমা বোৰ তোমাৰ বাৰু কেনেকৈ চলে?  ৰঙীনকৈ, অহৰহে!