কবিতা কেনেকৈ লিখে?
কবিতা কেনেকৈ লিখে?
অনুভৱবোৰক চুই কেনেকৈ চায়?
মোৰ শব্দবোৰ জঠৰ,
কবিতাত কৈ বহু দূৰত।
মোৰ জোনাক, জীৱন
ৰ'দ-বৰষুণবোৰো একেই
শুকান,পলসহীন
মোৰ এই ধূসৰ পৰিক্ৰমাবোৰ
তোমাৰ বাৰু কেনেকৈ চলে?
ৰঙীনকৈ, অহৰহে!
কথাবোৰে চেপিখুন্দি খায়
তথাপি দুখবোৰ শব্দ হৈ ওলাই নাহে!
পৰিক্ৰমা বোৰ তোমাৰ বাৰু কেনেকৈ চলে?
ৰঙীনকৈ, অহৰহে!
Comments
Post a Comment